Celebrated 78 th independence day at our office premises. Begin the day with Flag hoisting followed by a painting competition among kids and children like previous years.

৭৮ তম স্বাধীনতা দিৱস উপলক্ষে এনাজৰী উন্নয়ন সমিতিৰ কাৰ্যালয়ত পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়নৰ লগতে স্বাধীনতা দিৱসৰ অনুভৱ ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষ ভাৱে হৃদয়ঙ্গম কৰোৱাৰ উদ্দেশ্যে নলবাৰীত তিনিটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় I

৭৮ তম স্বাধীনতা দিৱস উপলক্ষে এনাজৰী উন্নয়ন সমিতিৰ উদ্যোগত ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়িত কৰা হয়।পতাকা উত্তোলন কৰে প্ৰাক্তন প্ৰধান শিক্ষক হামিদ আলী আৰু অলিলুৰ ৰহমানে। বিগত বছৰবোৰৰ দৰে এই বছৰো স্বাধীনতা দিৱসৰ অনুভৱ ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষ ভাৱে হৃদয়ঙ্গম কৰোৱাৰ উদ্দেশ্যে তিনিটা শাখাত ক্ৰমে ক শাখাত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰু খ শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু গ শাখাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ চিত্ৰাংকন প্ৰতিযোগিতা নলবাৰী চহৰৰ হৰিমন্দিৰ উৰণীয়া সেঁতু উত্তৰ পাৰে অৱস্থিত শিক্ষণ ৩৬০(Learning 360) কোচিং চেন্টাৰ ত অনুষ্ঠিত কৰা হয় আৰু এই অনুষ্ঠানত এনাজৰী ৰ তত্বাৱধানত চালিত চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰাপ্ত ,দ্বিতীয় স্থান প্ৰাপ্ত ৰ লগতে তৃতীয় স্থান প্ৰাপ্ত ক বটা বিতৰণ কৰা হয়। বিশিষ্ট শিক্ষাবিদ প্ৰনৱ চক্ৰৱৰ্তীয়ে সভাপতিত্ব কৰা সভাখনত উপস্থিত থাকে এনাজৰী উন্নয়ন সমিতিৰ সভাপতি মতিউৰ ৰহমান, সম্পাদক তাজিমুল হক, সমগ্ৰ শিক্ষাৰ নলবাৰী জিলা আচনি বিষয়া আবেদুৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষক হামিদ আলী, বিশিষ্ট সমাজকৰ্মী অলিলুৰ ৰহমান, আৰফান আলী আৰু লাৰ্নিং ৩৬০ ৰ শিক্ষক – শিক্ষয়িত্ৰী লগতে এনাজৰী উন্নয়ন সমিতিৰ সদস্য ও শুভাকাংশী সকল ।

v