ছিটা ৰ অৰ্থসাহায্য ত অসম পশু চিকিৎসা বিজ্ঞান অনুষদ আৰু এনাজৰী উন্নয়ন সমিতিৰ দ্বাৰা নলবাৰীত ছাগলী পালন প্ৰকল্পৰ শুভ উদ্বোধন কৰে
ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰণ আয়োগ (SITA) ৰ অর্থ সাহাৰ্য ত অসম পশু চিকিৎসা বিজ্ঞান অনুষদ ৰ অধীনস্থ ছাগলী গৱেষণা কেন্দ্ৰ,আৰু এনাজৰী উন্নয়ন সমিতি নলবাৰীৰ দ্বাৰা ৰূপায়িত ছাগলী পালনৰ দ্বাৰা মহিলা সবলীকৰণৰ প্ৰকল্পৰ অংশ হিচাপে 13/03/2024 তাৰিখে নলবাৰীৰ বালিতাৰা গাঁৱত থকা কহুৱা ৰিজৰ্টত এই প্ৰকল্পৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় । এই প্ৰকল্পৰ উদ্ধোধন কৰে ছিটা ৰ উপাধ্যক্ষ তথা প্ৰাক্তন সংসদ ৰমেন ডেকা ডাঙৰীয়াই, এই অনুষ্ঠানতে জিলাখনৰ বলিতাৰা, ক্ষুদ্ৰ কতলা বৰকুচি আৰু কাচিমপুৰ গাঁৱৰ ২৪ গৰাকী মহিলা হিতাধিকাৰিক চাৰি গৰাকী কৈ মাইকী ছাগলী আৰু ৫ গৰাকী মহিলা হিতাধিকাৰিক ২ টাকৈ মতা থলুৱা অসম হিল প্ৰজাতিৰ ছাগলী বিতৰণ কৰা হয় l
এই প্ৰকল্পৰ অধীনতে ওপৰত উল্লেখ কৰা তিনিখন গাঁৱৰ প্ৰায় ৯৫ গৰাকী মহিলা হিতাধিকাৰিক থলুৱা উন্নত জাতৰ ছাগলী বিজ্ঞান সন্মত ভাবে পালন কৰি মহিলা সকলক অৰ্থনৈতিক ভাবে টনকিয়াল কৰাৰ লগতে অসমত থলুৱা জাতৰ ছাগলী সংখ্য বঢ়োৱাৰ, অসমত প্ৰমনিক্ৰত স্বাস্থ্যবান ছাগলী বঢ়োৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলি ভাষণ প্ৰসংগত ৰমেন ডেকা দেৱে জানিবলৈ দিয়ে l
উক্ত অনুষ্ঠান ত ছিটাৰ গৱেষণা বিষয়া ডি এছ হাজাৰে ৰ লগতে অসম কৃষি বিশ্ববিদ্যালয় ৰ গৱেষণা বিভাগৰ উপ সঞ্চালক (ভেট) ডা° বি ভট্টাচাৰ্য, ছাগলী গৱেষণা কেন্দ্ৰ ৰ মুখ্য বিজ্ঞানী ডা° দীপক ভূঞা ৰ লগতে এনাজৰী উন্নয়ন সমিতিৰ সভাপতি মতিউৰ ৰহমান ৰ লগতে আন আন বিষয় ববীয়া সকল উপস্থিত থাকে l
![](https://anajoridevelopmentsociety.org.in/wp-content/uploads/2024/03/image-1024x768.png)
![](https://anajoridevelopmentsociety.org.in/wp-content/uploads/2024/03/image-1-1024x768.png)
![](https://anajoridevelopmentsociety.org.in/wp-content/uploads/2024/03/image-2-1024x768.png)
![](https://anajoridevelopmentsociety.org.in/wp-content/uploads/2024/03/image-3-1024x768.png)
![](https://anajoridevelopmentsociety.org.in/wp-content/uploads/2024/03/image-5-1024x768.png)
![](https://anajoridevelopmentsociety.org.in/wp-content/uploads/2024/03/image-6-1024x768.png)
![](https://anajoridevelopmentsociety.org.in/wp-content/uploads/2024/03/image-7-1024x768.png)
![](https://anajoridevelopmentsociety.org.in/wp-content/uploads/2024/03/image-8-1024x768.png)
![](https://anajoridevelopmentsociety.org.in/wp-content/uploads/2024/03/image-10-1024x768.png)